mM.A.

M. F. Husain (English) [ IPA: m.f.husain ASM: এম. এফ. হুছেইন]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-06-10
1. PersonalitiesVisual Art(Common Noun-Masculine) Maqbool Fida Husain (17 September 1915 – 9 June 2011) commonly known as MF, was an eminent Indian painter. According to Forbes magazine, he has been regarded as the "Picasso of India".Husain was associated with Indian modernism in the 1940s. After a long career, in 1996, when Husain was 81 years old, controversy arose over paintings originally created in the 1970s which were interpreted by some as being anti-Hindu. After legal cases and death threats in his home country, he was on a self imposed exile from 2006. In January 2010, he was offered the citizenship of Qatar, which he accepted. Husain first became well-known as an artist in the late 1940s. In 1947, he joined the Progressive Artists' Group, founded by Francis Newton Souza. In 1952, his first solo exhibition was held at Zürich and over the next few years, his work was widely seen in Europe and the US In 1955, he was awarded the prestigious Padma Shri award by the Government of India. In 1967, he made his first film, Through the Eyes of a Painter. It was shown at the Berlin Film Festival and won a Golden Bear.M. F. Husain was a special invitee along with Pablo Picasso at the Sao Paulo Biennial in 1971. He has been awarded the Padma Bhushan in 1973 and was nominated to the Rajya Sabha in 1986. He was awarded the Padma Vibhushan in 1991. M F Husain died aged 95 on 9 June 2011 after being unwell for several months. He died at the Royal Brompton Hospital in London, and is due to be buried in the city on 10 June 2011. মকবুল ফিদা হুছেইন (জন্ম- ছেপ্টেম্বৰ ১৭, ১৯১৫, মৃত্যু-জুন ৯, ২০১১) ভাৰতৰ এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী৷ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে৷ ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ’ আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল৷ অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল৷ ১৯৬৭ চনত নিৰ্মান কৰা তেওঁৰ প্ৰথমখন চিনেমা ’থ্ৰু দ্য মাইণ্ডঅৱ এ পেইণ্টাৰ’-এ বাৰ্লিন চলচিত্ৰ মহোত্সৱত ’গ’ল্ডেন বিয়েৰ বঁটা’ লাভ কৰিছিল৷ পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ ’মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ’ আৰু মাধুৰীক নায়িকাৰূপে লৈ ’গজগামিনী নিৰ্মান কৰিছিল৷ কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়৷ ১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়৷ বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে৷ তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়৷ ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে৷